শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে সাঁতোৰাৰ সময়তো তেওঁ সেই স্থানত উপস্থিত আছিল। সেই সূত্রে বিশেষ তদন্তকাৰী গোটে সন্দীপন গাৰ্গক যোৱা কেইবাদিনো ধৰি সোধা-পোছাৰ অন্তত আজি তেওঁক গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্রান্তত এতিয়ালৈকে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে কণ্ঠশিল্পী মানস ৰবীনক আজি উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে সোধা-পোছা কৰে। শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেওঁৰ হাতত থকা প্রমাণ বিশেষ তদন্তকাৰী গোটক অৰ্পণ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
Assamese | October 8, 2025 6:14 PM | Akashvani | Akashvani Guwahati | BelovedZubeen | Justice for Zubeen Garg | Sandipan Garg | Zubeen Garg
শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ