জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্রদান কৰে।
অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্রক্রিয়া সম্পূৰ্ণ নহ’ল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতিৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব।
জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামি বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য কৰিছে। আজি আদালতত উপস্থিত হোৱাৰ পাছতেই পামি বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।
অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্রহণৰ পাছত আদালতে অহা ২১ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।