জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা ৪ নৱেম্বৰলৈ শুনানি গ্রহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই।
ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন ৪ নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পর্যন্ত ১২২ জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জানিবলৈ দিয়ে।
তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্রবাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্রদান আজি সম্পূর্ণ হয়। আজি সাক্ষ্য প্রদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে।
আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। আজিৰ শুনানিত চৰকাৰী পক্ষ্যৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি কাইলৈ অভিযুক্ত অমৃতপ্রভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব।