জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে।

অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আৰম্ভণিতে তেওঁক জেৰা কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠত আজি গোচৰটোৰ আন এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টকে আদালতে সাক্ষীৰ জৱানবন্দী প্ৰচাৰ কৰা সামাজিক মাধ্যম আধাৰিত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ লগতে দুটা সংবাদ মাধ্যমত এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়নী দিছে।

ইয়াৰ আগেয়ে ফাষ্টট্ৰেক আদালতে দুটা এনে ধৰণৰ সংবাদ প্রতিষ্ঠানক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৮৩ ধাৰাৰ অধীনত জৱানবন্দী প্ৰচাৰ কৰা ঘটনাৰ অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। কালি অপৰাধ অনুসন্ধান শাখাই প্ৰতিবেদন দাখিল কৰাৰ পাছতে সাক্ষীৰ জৱানবন্দী প্ৰচাৰ কৰা কাৰ্যক কঠোৰভাৱে গ্ৰহণ কৰা হ’ব বুলি ব্যক্ত কৰে।