September 30, 2025 8:47 PM
77
ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্রাদ্ধানুষ্ঠান
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালৰ সদস্যসকলে প্রয়াত শিল্পীগৰাকীৰ চিতাভস্ম লৈ আজি যোৰহাটত উপস্থিত হয়। শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্রুসিক্ত নয়নেৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্রংৰুমত নিশা চিতাভস্মখিনি ৰখা হ'ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সকলো দিশ নিৰ...