ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে।

উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে’ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল।

ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্রহণ কৰিব।

মন কৰিবলগীয়া যে, এই গোচৰত সাক্ষী হিচাপে ৩৯৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।