জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্রভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য প্ৰদান কৰিব।
ফাষ্টট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে ৫ গৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নির্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে তিনিগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ’ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্টট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। এই গোচৰত সাক্ষী হিচাপে মুঠ ৩৯৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।
ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰি কালি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।