জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। গুৱাহাটীৰ পাথৰকুৱেৰীৰ নিলাচল এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীয়ে বিতর্কিত মহিলাগৰাকীক আটক কৰাৰ পাছত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমযোগে অসম আৰক্ষীক ধন্যবাদ জনাইছে।
ইপিনে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলেও ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবে পাঠশালা থানাত এজাহাৰ দাখিল কৰি শিখা শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰো দাবী জনাইছে।
Assamese | January 19, 2026 6:50 PM | Akashvani | Akashvani News | Garima Saikia | Justice for Zubeen Garg | Sikha Sarma
শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ পাণবজাৰ থানাত এজাহাৰ