জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়।

আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে।

ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।