ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৪ গৰাকী লোকৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধাৰ্য কৰা হৈছে।
আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দিপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে।
অৱশ্যে যোৱা ১২ জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল।
যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা ৮ জুনৰ পৰা আদালতে সাক্ষ্য গ্রহণ প্রক্রিয়া গ্রহণ কৰিছে। অহা ২০ জুন পর্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্রহণ কৰিব।