জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাৱিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হক ফাষ্টট্ৰেক আদালতত হাজিৰ হয়।

উল্লেখযোগ্য যে কালিৰেপৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ ৩৯৪ গৰাকী লোকৰ নাম অন্তর্ভুক্ত হৈছে।