জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে।

ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে।

জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শ‍ইকীয়াই ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল।