জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তই উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ পাছত আজি পুৱা কাৰাগাৰৰ পৰা মুকলি হয়। হাফলং কাৰাগাৰৰ পৰা পুৱা প্ৰায় ৬.৩০ বজাত অভিযুক্তগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে।
উল্লেখযোগ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অমৃতপ্রভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল। বিচাৰপীঠে কেইবাটাও চৰ্ত আৰোপ কৰাৰ লগতে দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে।
ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সন্দীপন গাৰ্গৰ জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হ’ব।
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত আছে।
আজি প্ৰৱাসী অসমীয়া ভাস্কৰজ্যোতি দত্তই আদালতত পুনৰ সাক্ষ্য প্ৰদান কৰিব। কালি তেওঁ সাক্ষ্য দিবৰ বাবে আদালতত উপস্থিত হয় যদিও নেটৱৰ্কৰ সমস্যাৰ বাবে সাক্ষ্যগ্রহণ প্রক্রিয়া সম্পূর্ণ নহ’ল। সেয়ে আদালতে আজি পুৱা ১০.৩০ বজাত পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।