August 6, 2026 11:59 AM

views 32

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পা...

July 13, 2026 6:30 PM

views 36

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্ৰেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শর্মিলা ভূঞা ছুটীত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্ৰায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচ...

July 12, 2026 7:28 PM

views 34

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব। আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দর্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা ৩০ জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে...

July 4, 2026 8:15 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈক সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামি বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা ৬ জুলাইত সাক্ষ্য প্রদান কৰিব।

July 1, 2026 2:05 PM

views 26

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শর্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা-পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা ৩ জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব।

June 23, 2026 2:10 PM

views 50

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানিত উপস্থিত আছে। আনহাতে, অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুন...

June 9, 2026 7:05 PM

views 34

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্...

January 3, 2026 6:47 PM

views 78

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে আজি কিছুসময়ৰ পাছতে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হ'ব। এই শুনানিত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তসহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰাত বিচাৰ চলিব সেয়া নিশ্চিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আজিৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় লোৱাৰো সুযোগ থাকিব। নিয়ম অনুসৰি কি ধাৰাত বিচাৰ চলিব সেই বিষয়ে গ্রহণ কৰা শুনানিত অভিযুক্তই আদালতত সোঁশৰীৰে উপস্থিত থাকিব লাগে যদিও আইন শৃংখলাজন...

December 7, 2025 11:57 AM

views 142

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে এছ আই টিৰ প্ৰস্তুতি অব্যাহত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে অহৰহ প্ৰস্তুতি অব্যাহত ৰাখিছে। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কালি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে তদন্ত প্রক্রিয়া প্রায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক ...

November 21, 2025 8:03 PM

views 73

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্যগ্রহণ প্ৰক্ৰিয়াৰ অন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি চাৰি বজা পর্যন্ত, ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল- সংগঠন তথা কেইবাগৰাকী ব্যক্তিসহ মুঠ ৩৯খন শপতনামা তথা সাক্ষ্য গ্রহণ কৰে। ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজ...