অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব। আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দর্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়।

গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা ৩০ জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰা হ’ব। সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাবে জুবিন গাৰ্গক এই সন্মান প্রদান কৰিব।

জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্র আয়োজন কৰিব বুলি প্রধান সম্পাদকগৰীয়ে জানিবলৈ দিয়ে।

এই সত্ৰত উত্তৰ-পূৱ ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্রন্থ আকাৰে প্ৰকাশ কৰা হ’ব। ইয়াৰ উপৰি সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব।