September 18, 2026 12:59 PM

views 15

৩১ জানুৱাৰীৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনত ২৫ সহস্রাধিক পুৰুষ-মহিলাই জাতীয় সংগীত পৰিবেশন কৰিব

দুলীয়াজানৰ নাওশলীয়া বৰকলা মাজগাঁও পথাৰত অহা ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ পতাকা উত্তোলনস্থলীত ২৫ সহস্রাধিক পুৰুষ-মহিলাই জাতীয় সংগীত পৰিবেশন কৰিব। অষ্টসপ্ততিতম দ্বিবার্ষিক দুলীয়াজান অধিবেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদ মেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্রকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম-মেহফিৰে এই অধিবেশনৰ আৰম্ভণি হ'ব। পহিলা ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই ১১১ বছৰৰ ভৰি দিয়া উপলক্ষে মূল পতাকা সহ ১১১খন পতাকা উত্তোলন কৰা হ'ব। অধ...

July 12, 2026 7:28 PM

views 34

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব। আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দর্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা ৩০ জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে...

November 1, 2025 12:06 PM

views 77

নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান

 অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান কৰা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰাহিত্যত হ'বলগীয়া এই অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত অধ্যাপক নগেন শইকীয়া প্রবোধ্য সন্মান সদসি বৰণ্যেঃ প্ৰদান কৰিব। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়, ডিব্রুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত হ'বলগীয়া অনুষ্ঠানটোত ড° বসন্ত কুমাৰ গোস্বামী, ড° সমুদ্র গুপ্ত কাশ্যপ,...

October 12, 2025 12:16 PM

views 76

শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে কালিৰে পৰা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি পৰিব। আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিৰ অংশগ্রহণেৰে এটা বর্ণময় সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। কালি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত সদ্য প্রয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্রদ্ধা জনোৱাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হ...

June 6, 2025 12:21 PM

views 62

অসম সাহিত্য সভাৰ উদ্যোগত নগাঁৱত আজিৰে পৰা লেখক শিবিৰৰ আয়োজন

অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতিভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা হৈছে। এই অনুসৰি আজি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু, নাগালেণ্ডৰ কবি, সাংবাদিক মনালিছা ছাংকিজা আ...

June 1, 2025 7:24 PM

views 83

অৰুণাচল প্ৰদেশৰ পাছিঘাটত সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিক গৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অ...

May 15, 2025 8:33 PM

views 65

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত অহা ১৭, ১৮ আৰু ১৯ মে’ত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী অহা ১৭, ১৮ আৰু ১৯ মে'ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রী বন্ধন উপ-সমিতিৰ সৌজন্যত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত চতুৰ্থ সেতুবন্ধ ...

April 15, 2025 6:50 PM

views 101

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভা পহিলা বহাগক নিজৰ দিন হিচাপে পালন

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভাই বজালী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সহযোগত আজি নিজৰ দিন পালন কৰে। অনুষ্ঠানৰ পাটাছাৰকুছি অঞ্চলৰ সমাজৰ ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত ২১ গৰাকী লোকক একোখনকৈ বিহুৱান আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

April 6, 2025 8:16 PM

views 85

ড° শশীকান্ত শ‍ইকীয়াক অসম সাহিত্য সভাৰ আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন

অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° শশীকান্ত শ‍ইকীয়াক আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় উপ সভাপতি পদুম ৰাজখোৱাই শ্ৰীশ‍ইকীয়াক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। শ‍ইকীয়াই নিযুক্তিপত্ৰ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ সভাপতি ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিত বৰা প্ৰমুখ্যে সকলো বিষয়ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

March 9, 2025 8:46 PM

views 72

অসম সাহিত্য সভাই তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে সভাই কেন্দ্ৰ, জিলা আৰু সমজিলা পৰ্যায়ত গঠিত কোষসমূহত প্ৰশাসনীয় ভাষা প্রয়োগ নিশ্চিতকৰণতো গুৰুত্ব আৰোপ কৰে। সভাৰ প্ৰকাশন বিভাগৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহ...