February 2, 2025 7:52 PM

views 78

তৰুণ কবি অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ তৃতীয় দিনা পুৱা ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পনা কোঁৱৰে উদ্বোধন কৰা আলোচনাসত্ৰখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰে। আলোচনাসত্ৰখনত গৱেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ পূৰাতত্ব বিভাগৰ অধ্যাপক ড° মঞ্জিল হাজৰিকা আৰু পশ্চিমবংগৰ বি...

February 2, 2025 6:33 PM

views 114

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ তৃতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, আলোচনা চক্ৰ অনুষ্ঠান

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আজি সাহিত্য সভাৰ নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক ময়ুৰপংক্ষী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পদ্মভূষণ স্বীকৃতি প্রাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীৰ প্ৰথমখন মুকলি সভা উদ্বোধন কৰে। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত ...

February 2, 2025 11:50 AM

views 74

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ড০ সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ভাষা সাহিত্যৰ অগ্ৰগতিৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবাঢ়িব লাগিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। পতাকা উত্তোনৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। কালি স্মৃতি গ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী সভাৰ লগতে জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। অসম সাহিত্...

January 12, 2025 7:15 PM

views 71

স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাৰ মন্তব্য

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অমস সাহিত্য সভাৰ মুখ্য কার্যালয় চন্দ্রকান্ত সন্দিকৈ ঐতিহ্য ভৱনে সকলোকে আদৰি লোৱাৰ লগতে অসম সাহিত্য সভাৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে। অসম সাহিত্য সভাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চ...

December 30, 2024 12:25 PM

views 120

২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত দত্তৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ড০ গোস্বামীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গোস্বামীয়ে ৪০৩টা ভোট লাভ কৰাৰ বিপৰীতে ড০ উপেন ৰাভা হাকাছামে ৩২৫টা ভোট লাভ কৰিছে। একেদৰ উপ-সভাপতি পদত পদুম ৰাজখোৱাই ৩৮৯টা ভোট লাভ কৰি জয়ী হয়। বিপ...

December 15, 2024 7:52 PM

views 73

অসম সাহিত্য সভাৰ  পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ আশীৰ্বাদৰ লগতে বজালী অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। ইফালে মন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সচিবপ্রধান ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত এটা দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অধিবেশনৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়। তদুপৰি দলটোৱে অধিবেশনখন সফল কৰি ...

December 4, 2024 12:22 PM

views 295

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন

 অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত কাইলৈ পুৱা ১০ বজাত বেলট বাকচ বন্ধ কৰা হ'ব। সভাৰ সভাপতি ডº সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বেলট বাকচসমূহ বন্ধ কৰাৰ পাছত মেঘদূত ভৱনত ৰখা হ'ব। অহা ২৯ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনৰ বাবে সভাপতি পদত ডº বসন্ত কুমাৰ গোস্বামী আৰু ডº উপেন ৰাভা হাকাচাম, উপ-সভাপত...

November 13, 2024 8:07 PM

views 51

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দৌৰত নাই বুলি ড° ভীমকান্ত বৰুৱাৰ স্পষ্টতা

 অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাই এই নিৰ্বাচনৰ দৌৰত তেওঁ নাই বুলি স্পষ্ট কৰি দিছে । আকাশবাণী গুৱাহাটীৰ বিশেষ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত ড° বৰুৱাই কয়, যে অসম সাহিত্য সভাৰ কেইবাগৰাকীও প্রাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াই সভাৰ সভাপতিৰ পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নামিব লাগে বুলি প্ৰস্তাৱ দিছিল যদিও ...

November 12, 2024 6:24 PM

views 51

অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে পাঁচ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰা হৈছে। আজি বিয়লি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন বৈঠকৰ সামৰণিত সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই সভাপতি পদৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে চূড়ান্ত কৰা এই পাঁচজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। তেওঁলোক হৈছে– অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সাহিত্যিক বসন্ত কুমাৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, ...

November 8, 2024 11:57 AM

views 87

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ

অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াই গতি লাভ কৰিছে। ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে কালিৰে পৰা মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি প্ৰথম দিনা দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ গুৱাহাটীৰ কাৰ্যালয়ত জমা দিছে। উপ-সভাপতি পদৰ বাবে এজন প্ৰাৰ্থী আৰু প্ৰধান সম্পাদক পদৰ বাবে এজন প্রার্থীয়ে মনোনয়ন পত্র জমা দিছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি যোৰহাট কাৰ্যালয়ৰ পৰা ইতিপূৰ্বে উপ-সভাপতি পদৰ বাবে মুঠ ৬গৰাকী আৰু প্ৰধান সম্পাদকৰ বাবে চাৰিগৰাকী প্ৰ...