অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ তৃতীয় দিনা পুৱা ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পনা কোঁৱৰে উদ্বোধন কৰা আলোচনাসত্ৰখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰে। আলোচনাসত্ৰখনত গৱেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ পূৰাতত্ব বিভাগৰ অধ্যাপক ড° মঞ্জিল হাজৰিকা আৰু পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰধান ড° সংগীতা শইকীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰে। আজি তৃতীয় দিনাৰ কাৰ্যসূচীতো হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়ে। পাঠশালাত হৈ থকা সাহিত্য সভাৰ অধিৱেশনৰ মাজতে তৰুণ কবি লেখক অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা কৰা হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃনালিনী দেৱীলৈ সাহিত্য সভাই জীৱনযোৰা সাহিত্য সেৱা সন্মান আগবঢ়াইছে। পৰহিলৈ পাঠশালাৰ অধিৱেশন প্রাঙ্গনতে দুয়োকে অসম সাহিত্য সভাই এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়াব।
Assamese | February 2, 2025 7:52 PM | Assam Sahitya Sabha
তৰুণ কবি অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা