অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত আজি সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ যাব। সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এই প্রতিনিধি দলটো আজি ৰাজ্যখনলৈ ৰাওনা হ’ব। বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰাৰ বাবে লোৱা কাৰ্যসূচীৰ অধীনত অসম সাহিত্য সভাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে অৰুণাচলৰ নিচি জনগোষ্ঠীয় সংগঠন নিচি ইলাইট ছ’চাইটিৰ উদ্যোগত চিজুছাত হ’বলগীয়া ন্যুকুম য়ল্লু অনুষ্ঠানত দলটোৱে অংশ ল’ব। দলটোৰ সৈতে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে এটা বিহু দলো ৰাওনা হ’ব। এই দলটোত সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক অপূর্ব ফুকনৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া আছে।
Assamese | February 26, 2025 12:40 PM | Assam Sahitya Sabha
অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ ৰাওনা