অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অমস সাহিত্য সভাৰ মুখ্য কার্যালয় চন্দ্রকান্ত সন্দিকৈ ঐতিহ্য ভৱনে সকলোকে আদৰি লোৱাৰ লগতে অসম সাহিত্য সভাৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে। অসম সাহিত্য সভাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত শ্রীবৰাক অঞ্চলটোৰ বহু ব্যক্তি আৰু প্রতিষ্ঠানে সম্বর্ধনা জনায়।
Assamese | January 12, 2025 7:15 PM | Assam Sahitya Sabha
স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাৰ মন্তব্য