July 21, 2024 7:56 PM

views 53

লেখক, সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান

বিশিষ্ট লেখক, সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কার্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই পৌৰহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা, জাপি আৰু প্ৰশস্তিপত্ৰৰে প্ৰাক্তন সভাপতি ৰংবং টেৰঙে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জয়ছিং হান্সে স্মাৰক বঁটাৰ লগতে ইতিপূর্বে এই বঁটা লাভ কৰা সকলক চমু পৰিচিতি সম্বলিত স্মৰণিকা উন্মোচন কৰে। অনুষ...

July 14, 2024 7:10 PM

views 51

বাক্সাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

বাক্সা জিলাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু সভ্য সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে ৩ লাখ ৫০ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়টো বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে উদ্বোধন কৰে। সভাত অংশগ্ৰহণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে নৱনিৰ্মিত কাৰ্যালয়টোৰ উন্নীতকৰণৰ বাবে অতিৰিক্ত ২ লাখ টকাৰ অনুদানৰ ঘোষণা কৰে ।