বিশিষ্ট লেখক, সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কার্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই পৌৰহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা, জাপি আৰু প্ৰশস্তিপত্ৰৰে প্ৰাক্তন সভাপতি ৰংবং টেৰঙে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জয়ছিং হান্সে স্মাৰক বঁটাৰ লগতে ইতিপূর্বে এই বঁটা লাভ কৰা সকলক চমু পৰিচিতি সম্বলিত স্মৰণিকা উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে অসম সাহিত্য সভাৰ মাহেকীয়া পত্রিকাখন উন্মোচন কৰে। অনুষ্ঠানত বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি সাহিত্য সভাৰ সভাপতি কামছিং হান্সেকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Assamese | July 21, 2024 7:56 PM | Assam Sahitya Sabha
লেখক, সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান