দুলীয়াজানৰ নাওশলীয়া বৰকলা মাজগাঁও পথাৰত অহা ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া অসম সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ পতাকা উত্তোলনস্থলীত ২৫ সহস্রাধিক পুৰুষ-মহিলাই জাতীয় সংগীত পৰিবেশন কৰিব।
অষ্টসপ্ততিতম দ্বিবার্ষিক দুলীয়াজান অধিবেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদ মেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্রকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম-মেহফিৰে এই অধিবেশনৰ আৰম্ভণি হ’ব। পহিলা ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই ১১১ বছৰৰ ভৰি দিয়া উপলক্ষে মূল পতাকা সহ ১১১খন পতাকা উত্তোলন কৰা হ’ব।
অধিবেশনৰ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে অধিবেশনত ৭০০ পৃষ্ঠাৰ স্মৃতিগন্থৰ লগতে ১১১খন বিভিন্ন গ্রন্থও প্রকাশ কৰি উলিওৱা হ’ব।
দুলীয়াজান অধিবেশনত নতুনকৈ অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু হিতৈষী সদস্যসকলৰ সৈতে বিশেষ আলোচনাচক্র সংযোজন হ’ব বুলিও সমিতিয়ে প্রকাশ কৰে।