অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° শশীকান্ত শইকীয়াক আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় উপ সভাপতি পদুম ৰাজখোৱাই শ্ৰীশইকীয়াক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। শইকীয়াই নিযুক্তিপত্ৰ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ সভাপতি ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিত বৰা প্ৰমুখ্যে সকলো বিষয়ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
Assamese | April 6, 2025 8:16 PM | Assam Sahitya Sabha
ড° শশীকান্ত শইকীয়াক অসম সাহিত্য সভাৰ আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন