অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতিভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা হৈছে। এই অনুসৰি আজি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু, নাগালেণ্ডৰ কবি, সাংবাদিক মনালিছা ছাংকিজা আৰু সভাৰ প্ৰাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। দিনৰ ১১ বজাৰ পৰা হ‘বলগীয়া কবিতা অধিৱেশন দুখন ৰাজীৱ বৰা আৰু ড° মঞ্জু লস্কৰে উদ্বোধন কৰিব। বিয়লিৰ ভাগত ছুটী গল্প বিষয়ৰ প্ৰথমখন বৈঠক শিৱানন্দ কাকতিয়ে উদ্বোধন কৰিব। ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই দ্বিতীয়খন বৈঠক সঞ্চালনা কৰিব। নগাঁও জিলা পুথিভঁৰালত উপন্যাস বিষয়ৰো এখন বৈঠক অনুষ্ঠিত হ‘ব।
Assamese | June 6, 2025 12:21 PM | Assam Sahitya Sabha
অসম সাহিত্য সভাৰ উদ্যোগত নগাঁৱত আজিৰে পৰা লেখক শিবিৰৰ আয়োজন