September 27, 2025 8:08 PM

views 85

জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জ্যোতিৰাদিত্য সিন্দিয়াৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুকআউট ন'টিছ জাৰি কৰিছে। দুয়োগৰাকী অভিযুক্তই কোনো কাৰণতে যাতে ভাৰত এৰি যাব নোৱাৰে তাৰ বাবে ইণ্টাৰপলৰ জৰিয়তে অসম আৰক্ষীয়ে এই জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে ৮ জন প্রবাসী অসমীয়ালৈও জাননী জাৰি কৰিছে...

September 26, 2025 11:47 AM

views 84

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্...

September 26, 2025 11:52 AM

views 127

জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুতৰ বাবে অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ

■ অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাকীৰ জীৱনী প্ৰাৰম্ভিক পৰ্যায়ত অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ সঁহাৰি পালে এই সংকলন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষালৈ অনুবাদ কৰা হ'ব। তেওঁ কয়, যে জুবি...

September 25, 2025 9:51 PM

views 59

শ্যামকানু মহন্তৰ বাসগৃহত অভিযানঃ জব্দ আপত্তিজনক নথি-পত্ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে প্ৰত্যক্ষ্যৰ্শীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিশেষ তদন্তকাৰী গোটে মহন্তৰ বাসগৃহত থকা কাৰ্যালয়ত অভিযান চলাইছিল অভিযানত তদন্তকাৰী গোটে আপত্তিজনক নথি-পত্ৰ, ৭ টা মোবাইল, ২ টা লেপটপ, ৯ খন হাৰ্ড ডিস্ক জব্দ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে

September 25, 2025 9:38 PM

views 75

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ আহত ১৫ জনৰো অধিক আৰক্ষী, চি আই ডিৰ লোক ক্ষতিগ্ৰস্ত চি আই ডিৰ দুখন বাহন আহত আৰক্ষীৰ লোকসকলক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি

September 25, 2025 10:22 PM

views 117

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 25, 2025 10:22 PM

views 57

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি...

September 24, 2025 10:08 PM

views 61

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হ’ব বুলি পত্নী গৰিমা গাৰ্গৰ সদৰী

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হব বুলি পত্নী গৰিমা গাৰ্গে আজি সদৰি কৰিছে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা আহি শিল্পীগৰাকীয়ে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ ডাবিঙৰ কাম কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি ৩১ অক্টোবৰত চলচ্চিত্ৰখন মুক্তি দিয়াটো তেওঁ বিচাৰে বুলি মন্তব্য কৰে। তেওঁ লগতে শিল্পীগৰাকীৰ প্ৰতি ৰাইজৰ অপাৰ মৰম স্নেহৰ বাবে আন্তৰিকতা জ্ঞাপন কৰে। এই ঘটনাৰ তদন্ত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰ আৰু আইনৰ ওপৰত তেওঁৰ আস্থা আছে।

September 24, 2025 9:11 PM

views 54

ৰাজ্যত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত সংগঠন বা সংস্থাৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা

অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্রত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন, বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ক...

September 23, 2025 11:09 AM

views 61

সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য

আজি অসমবাসীৰ হৃদয় উকা কৰি গানৰ জ্যোতিষ্ক নিৰ্বাপিত হ'ব। সুৰৰ আঁচল ধৰি বহু দূৰলৈ গুচি যোৱা বিৰল প্ৰতিভাৰ আজি কায়িকভাৱে মহা অৱসান ঘটিব। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তেষ্টিক্রিয়া আজি দিনৰ ভাগত যোৰাবাটৰ সমীপৰ কমাৰকুছিত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ইয়াৰাবাবে অন্ত্যেষ্টিক্রিয়াস্থলীত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।  অনুৰাগীসকলে কালিও অভূতপূৰ্ব ৰূপত প্রিয় শিল্পীক শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শে...