● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই সাক্ষ্য গ্ৰহণ কৰা হ’ব। অৱশ্যে কালি প্ৰথমদিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্রদান নকৰিলে। উল্লেখযোগ্য যে এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটা মূল বিষয়ৰ তদন্ত কৰিব। ইপিনে, কালি এছ আই টিয়ে কেইবাগৰাকীও ব্যক্তিৰ ভাষ্য গ্রহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৮ ডিচেম্বৰতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰিছে।
Assamese | November 4, 2025 11:06 AM | Akashvani News | Beloved Zubeen Garg | JusticeForZubeenGarg | Zubeen Garg
■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ