গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে।
ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নির্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্চনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা ১৯ ছেপ্তেম্বৰত এবছৰ সম্পূৰ্ণ হ’ব।
এইপর্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা এগৰাকীও অভিযুক্তই জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এই গোচৰ সংক্ৰান্তত আদালতে ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব।
এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে কালি সংবাদমাধ্যমৰ আগত কয়, যে এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে ৮৯ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুস সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ’ব বুলিও জানিবলৈ দিয়ে।