জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অচ্যুৎ চন্দ্ৰ বৈশ্যই আজি আদালতত সাক্ষ্য প্ৰদান কৰে।

অভিযুক্ত পক্ষৰ অধিবক্তাই প্রাক্তন অধ্যক্ষ শ্রীবৈশ্যক প্ৰতি জেৰা কৰে। ইফালে জুবিন গাৰ্গৰ সতীর্থ বাদ্যযন্ত্রী পার্থ গোস্বামীও আজি সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টট্ৰেক আদালতত উপস্থিত হয় যদিও চৰকাৰী পক্ষৰ এগৰাকী অধিবক্তা হঠাতে অসুস্থ হোৱাৰ ফলত তেওঁৰ সাক্ষ্য গ্রহণ প্রক্রিয়া সম্পূৰ্ণ নহল।

ইয়াৰ পৰিপ্ৰেক্ষিতত আদালতে পাৰ্থ গোস্বামীক কাইলৈ পুৱা ১০.৩০ বজাত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।