জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য গ্রহণ অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য গ্রহণ অব্যাহত আছে। প্রবাসী অসমীয়া ভাস্কৰজ্যোতি দত্তৰ এই গোচৰৰ সাক্ষ্য প্রদান আজি সম্পূৰ্ণ নহ’ল।

নেটৱৰ্কৰ সমস্যাৰ বাবে আদালতৰ কাম-কাজ নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব নোৱাৰাৰ বাবে প্ৰবাসী অসমীয়া দত্তৰ সাক্ষ্য গ্রহণ সম্পূৰ্ণ নোহোৱাত কাইলৈ পুৱা ১০.৩০ বজাত পুনৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আদালতত অন্য ৮গৰাকী প্ৰবাসী অসমীয়াই সাক্ষ্য প্রদান কৰিছে।
ইফালে, প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্তই জামিন লাভ কৰা আৰু ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগত আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিল্পীগৰাকীৰ পৰিয়াল আৰু অনুৰাগীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

এই সন্দৰ্ভত চৰকাৰ তথা কাৰ্যপালিকাৰ ভূমিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ন্যায়ালয়ৰ কাৰ্যপৰিধিত চৰকাৰ অথবা কাৰ্যপালিকাৰ কৰণীয় নাথাকে।

উচ্চ ন্যায়ালয়ৰ অথবা উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে মন্তব্য কৰিব নোৱাৰে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে ফাষ্ট ট্ৰেক ক’ৰ্টে কৰি থকা কামৰ ভিত্তিত অচিৰেই গোচৰটোত ন্যায় পোৱা হ’ব বুলি চৰকাৰ আশাবাদী।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।