জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সঠিক ন্যায়ৰ দাবীত অসম সচিবালয়ৰ সন্মুখত শতাধিক লোকৰ মানৱশৃংখল গঠন

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সঠিক ন্যায়ৰ দাবীত আজি অসম সচিবালয়ৰ সন্মুখত শতাধিক লোকে মানৱশৃংখল গঠন কৰিবলৈ সমবেত হয়। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আহ্বানত সমবেত হোৱা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে লগে লগে বাছত উঠাই আঁতৰাই নিয়ে।

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল, জামিনৰ নিৰ্দেশকক প্ৰত্যাহ্বান জনোৱা আৰু দোষীসকলৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে এই মানৱশৃংখল গঠন কৰিবলৈ চেষ্টা কৰিছিল।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত জালাবিলাৰ কুৱাৰ পাৰত আজি বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিলৰ লগতে বুজন পৰিমাণৰ কাঠ জব্দ কৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ কোনো লোকক আটক কৰা হোৱা নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।