নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়।
অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়।
ইপিনে, এই উপ-নির্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নির্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়।
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি, চি আৰ পি এফৰ উপ-কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অর্ধ সামৰিক বাহিনী, ভাৰত- তীববত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । ইতিমধ্যে এই উপ-নির্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্রাপ্ত সহকাৰী ৰিটাণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে।