September 26, 2026 5:23 PM
27
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপি...