মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্রশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পর্কে বেছিভাগ মহিলাই অৱগত নহয়।
জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নির্যাতন, উৎপীড়নৰ সন্মুখীন হোৱা তথা কর্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্রশাসন তথা আৰক্ষী প্ৰশাসনৰ পৰা তৎকালীনভাৱে কিদৰে আইনী সাহায্য আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত সমাজ কল্যান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যান বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।