নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্রশাসনেও প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত নির্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে।
জিলা প্ৰশাসনৰ নিৰ্বাচনী প্রস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও-বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম-কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেষ্ট্ৰী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নির্বাচন প্রক্রিয়া শান্তিপূর্ণভাবে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্রসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নির্দেশ দিয়ে।