নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে এদিন বাকী

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰিয়া আৰু লাহৰিঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে।

জিলা প্রশাসনে নির্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মার্চ অব্যাহত আছে।