নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে।
মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্রার্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলাই আছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ সভাত ভাগ লৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজেপিৰ ভোট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। নগাঁৱত বিজেপি প্রার্থী জয়ী হ’লে ১২৬টা বিধানসভা সমষ্টিত কংগ্ৰেছ নিশ্চিহ্ন হৈ যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে।
নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ অধীনৰ অঞ্চলসমূহত অহা ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে।
সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগকে ধৰি সকলো কাৰ্যালয়ত অহা ৬ অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ’ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এইকথা প্ৰকাশ কৰিছে।