অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাড়ু, পুডুচেৰী আৰু পশ্চিম বংগৰ পাঁচখন বিধানসভা আসনত কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্রহণ হ’বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ’ব।
তামিলনাডুৰ মাদুৰণটকম আৰু ধাৰাপুৰম, পুডুচেৰীৰ থাট্টানছাবাদি, পশ্চিম বংগৰ ৰেজিনগৰ আৰু নন্দীগ্রাম বিধানসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। সমষ্টিটোৰ পূৰ্বৰ সাংসদ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ ফলত আসনখন খালী হৈছিল।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে জিলাখনৰ পৰা মুঠ ১১ হাজাৰ ৫৩৫গৰাকী বিষয়া-কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে, দুহেজাৰ ৩০৭গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি- শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে।
মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া- কৰ্মচাৰীসকল ৯৭০টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। সমষ্টিটোৰ ১৯ লাখ দুহেজাৰ ভোটদাতাই কাইলৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে ৯ লাখ ৫৮ হাজাৰ ৫৪৯ জন পুৰুষ আৰু ৯ লাখ ৪৩ হাজাৰ ৩০০ গৰাকী মহিলা ভোটদাতা।