বিটিচিৰ ৩ টা পৰিষদীয় সমষ্টিত হ’বলগীয়া উপ নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগৰ প্ৰস্তুতি আৰম্ভ

বিটিচিৰ ৩ টা পৰিষদীয় সমষ্টিত হ’বলগীয়া উপ নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নির্বাচন আয়ুক্ত ৰঞ্জন শৰ্মাই জনোৱা অনুসৰি উপ নির্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সম্পূৰ্ণ কৰাৰ কাম কৰা হব। সেই অনুসৰি অহা ৭ নৱেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

ইয়াৰ পাছত অহা ৩০ নৱেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি নিৰ্বাচন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ পাছতে বিটিচিৰ ৩ টা পৰিষদীয় সমষ্টি ক্রমে, চিৰাঙৰ কাজলগাওঁ, ওদালগুৰিৰ বৰঙাজুলি আৰু ওদালগুৰিৰ ৰৌতাত উপ নির্বাচন অনুষ্ঠিত হ’ব।

ইফালে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু মিছিং পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও নিৰ্বাচন আয়োগে প্রস্তুতি চলাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।