October 4, 2024 11:04 AM

views 73

ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভর্তি অভিযান ২০২৪ অব্যাহত

● ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভর্তি অভিযান ২০২৪ অব্যাহত আছে। ৰাজ্যৰ ৮১টা সমষ্টিত ৪০ হাজাৰতকৈ অধিক সদস্যভর্তি অভিযান বিজেপিয়ে সম্পূৰ্ণ কৰিছে। ৪০ হাজাৰ সদস্য সম্পূৰ্ণ কৰা বিজেপিৰ এই তালিকাত ৬টা সমষ্টি বৰপেটা, নাওবৈচা, গোৱালপাৰা পশ্চিম, মাকুম, টংলা, দেৰগাঁৱত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। অসম প্রদেশ বিজেপিয়ে ৫৫.৬ লাখ নতুন সদস্যভৰ্তিৰে লক্ষ্যত ৯০ শতাংশ অতিক্রম কৰা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে ।