তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে আজি তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। শ্ৰী ৰয়ে ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰাই নহয়, বৰং দলৰ প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগৰ ঘোষণা কৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত শ্ৰী ৰয়ে তৃণমূল কংগ্ৰেছ দলটো দুর্নীতি, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কামকাজ কৰা, শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিযুক্তি আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
তেওঁ কয়, যে শেহতীয়াকৈ অনুষ্ঠিত পশ্চিমবংগৰ বিধানসভা নির্বাচনলৈ আঙুলিয়াই দি কয়, যে বিগত ১৫ বছৰ ৰাজ্যক শাসন কৰা দলটোৱে ভোট যুদ্ধত সম্পূৰ্ণৰূপে পৰাস্ত হয়।
পশ্চিমবংগৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ পৰিমাণৰ আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰে। মন্ত্ৰী শ্ৰী ৰয়ে লগতে কয়, যে নতুন তথা নিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ বাবে যথেষ্ট কাম কৰি আহিছে।