নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে- মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে বিভিন্ন শাখাৰ শ্ৰেষ্ঠ নির্বাচন বিষয়ক কামকাজৰ বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰো উপস্থিত থাকিব।
Assamese | January 24, 2026 9:09 PM | Akashvani | Akashvani News | Election Commission | National Voters Day
নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব