১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধপ্রদেশ, গুজৰাট আৰু কৰ্ণাটকৰ ৪ খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত ৩ খন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ’বলগীয়া নেতাসকলৰ ভিতৰত প্রাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে অন্যতম।
ৰাজ্যসভাৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা ৮ জুনলৈ দাখিল কৰিব পাৰিব। ১৮ জুনত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনা কৰা হ’ব।
Assamese | June 2, 2026 3:38 AM | Akashvani News | ECI | Election Commission
১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি