January 21, 2026 12:11 PM | Election Commission

printer

আজিৰে পৰা নতুন দিল্লীত গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন

নির্বাচন আয়োগে নতুন দিল্লীত আজি আৰম্ভ হ‘বলগীয়া গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন ২০২৬ৰ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজিত এই সম্মিলন গণতন্ত্র আৰু নির্বাচন পৰিচালনাৰ ক্ষেত্ৰত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্মিলন হ‘ব। ৭০ খন দেশৰ প্ৰায় ১০০ গৰাকী প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচনী কাম-কাজ পৰিচালনা খণ্ডৰ ভালেমান আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতত চলাই থকা বিদেশী বিভিন্ন অভিযানকাৰীৰ লগতে বিশেষজ্ঞসকলেও এই সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচন আয়োগে এই সন্মিলনত বিভিন্ন নির্বাচন পৰিচালনা নিকায়ৰ সৈতে ৪০ খনতকৈও অধিক দ্বিপাক্ষিক বৈঠকত মিলিত হ‘ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।