ৰাজ্যসভাত আজি ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।
ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ’ব। বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এম ইৰ পৰা সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান ট্রেড ৰিছিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব। বিধেয়কখনত উল্লেখ কৰা মতে, বিবাদৰ ক্ষেত্ৰত মধ্যস্থতা বিফল হ’লে নিৰ্দিষ্ট তাৰিখৰ পৰা এমাহৰ ভিতৰত মীমাংসাৰ বাবে প্ৰেৰণ কৰিব লাগিব।
আবেদন সম্পূৰ্ণ কৰাৰ ৩ মাহৰ ভিতৰত ৰায় দিব লাগিব। ছমাহতকৈ অধিক সময় বিচৰাধীন হৈ থকা গোচৰৰ ক্ষেত্ৰত উল্লেখিত ধনৰ ৫০ শতাংশ আদায় দিব লাগিব বুলিও কোৱা হৈছে।
প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা পুনৰ ২ বজাত আৰম্ভ হোৱা ক্ষুদ্র, লঘু আৰু মজলীয়া দপ্তৰৰ মন্ত্ৰী জীতেন ৰাম মাঝিয়ে আজি বিধেয়কখন উত্থাপন কৰে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰত মন্ত্ৰীগৰকীয়ে কয় যে বিগত বছৰসমূহত এম এছ এম ই খণ্ডসমুহে উল্লেখনীয় অগ্রগতি লাভ কৰিছে। ২০১৪-১৫ বৰ্ষত এই খণ্ডলৈ ঋণৰ পৰিমাণ ১০ লাখ কোটি টক আছিল আৰু সম্প্ৰতি এই পৰিমাণ ৩৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে বুলি তেঁও কয়।
বিতৰ্কত অংশ লৈ বিজেপিৰ সুমিত্ৰা বাল্মিকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু সুবিধা প্ৰদানৰ ক্ষেত্ৰত সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ সৱলীকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ দোলা সেনে এই প্ৰসংগত কয় যে এম এছ এম ইক দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয়।
এই খণ্ডই অকলে দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ১৭ শতাংশ বৰঙণি যোগাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে চৰকাৰে এই খণ্ডৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লোৱা নাই বুলি অভিযোগ তোলে। এই আলোচনাত বিজেদিৰ সন্ত ৰূপ্ত মিশ্র, এ আই ইউ দি এম কেৰ এম থামবিদুৰাই, এন চি পিৰ ৰাজেন্দ্ৰ জৈন, ইউ পি পি এলৰ প্রমোদ বড়োকে ধৰি কেইবাগৰাকী সাংসদে অংশ লয়। বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা কাইলৈ দিনৰ এঘাৰ বজালৈ স্থগিত ৰখা হয়।