July 28, 2025 8:13 PM

views 62

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্রিজাইডিং বিষয়া ভুবনেশ্বৰ কলিতাই সমুদ্র পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক-২০২৫ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপনৰ প্ৰয়াস কৰে আৰু উত্থাপন কৰে যদিও বিৰোধীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স...

July 23, 2025 3:56 PM

views 47

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসু...

June 2, 2025 7:48 PM

views 58

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে। এই আসন দুখনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হব। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ ৬ বছৰীয়া কাৰ্যকালৰ ম্যাদ অহা ১৪ জুনত অন্ত পৰিব। ১৯ জুনত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুখন আসনৰ লগতে তামিলনাডুৰ ছখন আসনৰ বাবেও নির্বাচন অনুষ্ঠিত হব।

December 19, 2024 8:39 PM

views 70

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্রী সিঙে কয়, যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ...

December 11, 2024 1:28 PM

views 67

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে। পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান ...

December 10, 2024 8:03 PM

views 51

শাসকীয় আৰু বিৰোধী পক্ষৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ-প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্য্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ সদস্যসকলৰ আচৰণক লৈ তীব্ৰ আপত্তি দৰ্শায়। তেওঁ দলটোৰ সদস্যসকলে সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা বুলি অভিযোগ তুলি তেওঁলোকক ক্ষমা প্রার্থনা কৰিবলৈ...

December 5, 2024 8:33 PM

views 61

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত আজি ৰাজ্যসভাত আলোচনা কৰা হয়। এই বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক বিমানৰ নক্সা, প্ৰস্তুতকৰণ, উৎপাদন, ৰক্ষণাবেক্ষণ, বিক্রী, আমদানী-ৰপ্তানি আৰু বিমান পৰিবহনৰ নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰিব। ইয়াৰ লগতে বিমান দুর্ঘটনা বা যিকোনো ঘটনাকে অনুসন্ধান কৰিবলৈও চৰকাৰক এই বিধায়কখনে অধিকাৰ প্ৰদান কৰিব। বিজেপিৰ শম্ভু চৰণে এই আলোচনাকালত অংশগ্ৰহণ কৰি কয়, যে বিমান পৰিবহন ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন সাধন হৈছে। তে...

November 29, 2024 9:05 PM

views 69

দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ

ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ তেওঁ সমাজৰ কল্যাণৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰে৷ ৰাজ্যসভাৰ উপ সভাপতি গৰাকীয়ে আকাশবাণীৰ উদ্যোগত আজি নতুন দিল্লীত ড° ৰাজেন্দ্ৰ প্ৰসাদ সোঁৱৰণী বক্তৃতাত তেওঁৰ ভাষণত এই কথা কয়। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ অৱদান আৰু জীৱনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্য...

November 28, 2024 8:21 PM

views 60

সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্বঃ বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

ভাৰতে বাংলাদেশক হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ উপাসনা স্থলীসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত কয়, যে সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্ব। বিগত কেইটামান মাহৰ ভিতৰত চুবুৰীয়া ৰাষ্ট্ৰখনৰ হিন্দু মন্দিৰ আৰু মূৰ্তি লণ্ড-ভণ্ড কৰাৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। শ্ৰী সিঙে কয়, যে ভাৰতে এইবাৰ দুৰ্গাপূজাৰ সময়ত ঢাকাৰ তাঁন্তি ব...

September 5, 2024 8:28 PM

views 55

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু, বিজেপি নেতা মনন কুমাৰ মিশ্র আৰু মমতা মোহান্ত ৰাষ্ট্ৰীয় লোকমৰ্চাৰ নেতা উপেন্দ্ৰ কুশ্বাহা আৰু এন চি পি নেতা নীতিন লক্ষ্মণৰাও যাধব আছে।