August 21, 2024 11:55 AM

views 57

অসমৰ ৰাজ্যসভাৰ ২ খন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক প্রার্থিত্ব বিজেপিৰ

■ অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকা...

August 8, 2024 2:07 PM

views 53

মল্লযুঁজাৰু ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলৰ সদন ত্যাগ

পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহ'ল। পাছত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন বৰ্জন কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধীৰ এনে আচৰণত আপত্তি জনাই তৃণমূল কংগ্ৰছৰ সাংসদ ডেকে অ’ব্ৰায়নক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ...

August 8, 2024 12:58 PM

views 39

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ আগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু এইবাৰৰ বাজেটখনতো এনে ধৰণৰ অগ্ৰাধিকাৰ প্ৰতিফলিত হোৱা নাই। তেওঁ কয় যে চৰকাৰে বাজেটত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত তিনিবিধ ঔষধৰ ওপৰত আৰোপিত সীমা শুল্ক প্রত্যাহাৰ কৰিছে যদিও কৰ্কট ৰোগৰ সকলো ঔষধৰ ক্ষেত্ৰত ...

July 29, 2024 8:19 PM

views 73

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। ত্রিবেদীয়ে লগতে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্রনয়ণ কৰাৰ পাছতো নলা নৰ্দমা পৰিস্কাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে, দিল্লী জলবোৰ্ডৰ ঘাটি ৭৪ হাজ...

July 29, 2024 8:15 PM

views 49

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তোখান সাহুয়ে কয় যে, সর্বমুঠ ৮৬ লাখ ৩৮ হাজাৰ ঋণ মোকলাই দিয়া হৈছে আৰু ইয়াৰে ৩১ লাখ ৭৩ হাজাৰ ঋণ পৰিশোধ কৰা হৈছে। পদপথৰ ব্যৱসায়ীসকলে তেওঁলোকৰ কাম-কাজ আৰু ব্যৱসায় বৃদ্ধিৰ বাবে এই ঋণ ব্যৱহাৰ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

July 26, 2024 7:58 PM

views 55

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত হ্রস্বম্যাদী জনপ্রিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশৰ প্ৰগতিৰ বাবে ভালদৰে সাজু হোৱা যেন দেখা গৈছে বুলি উল্লেখ কৰি বৰ্ধিত বৈষম্যৰ সমস্যাটোৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে, ভাৰতীয় কমিউনিষ্ট পাৰ্টী -চি পি আইৰ সদস্য পি সন্তোষ কু...

July 25, 2024 8:11 PM

views 62

ৰাজ্যসভাত আজি কেন্দ্ৰীয় বাজেট কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাজেট ২০২৪-২৫ বৰ্ষৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাই আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেটৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সুৰেশ সি সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। তেওঁ কয় যে, বাজেটত কৃষকৰ ঋণ ৰেহাইৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। তেওঁ লগতে কয় যে, চৰকাৰে কৃষকক খাদ্য শস্যৰ ক্ষেত্ৰত পৰ্যাপ্ত এম এচ পি প্ৰদান কৰা নাই। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই বাজেটৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীকে অসন্তুষ্ট কৰিছ। তেওঁ...

April 4, 2024 9:22 PM

views 73

ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ শপত গ্ৰহণ

♦ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দুয়োকে শপত গ্ৰহণ কৰোৱায়। বিজেপিৰ নেতা আৰ পি এম সিং, জে ডি ইউৰ নেতা সঞ্জয় কুমাৰ ঝা, কংগ্ৰেছৰ নেতা অজয় মাকনসহ আন ১২ গৰাকী নৱনিৰ্বাচিত সাংসদেও আজি শপত গ্ৰহণ কৰে। 

April 4, 2024 6:47 PM

views 64

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

April 4, 2024 1:20 PM

views 59

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ

◊প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট অর্থনীতিবিদ ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে সিঙকে ধৰি ৰাজ্যসভাৰ মুঠ ৫৪ জন সাংসদৰ কাৰ্যকাল অন্ত পৰিছে। ইয়াৰ ভিতৰত আছে শিক্ষামন্ত্রী ধর্মেন্দ্র প্র...