ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত হ্রস্বম্যাদী জনপ্রিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশৰ প্ৰগতিৰ বাবে ভালদৰে সাজু হোৱা যেন দেখা গৈছে বুলি উল্লেখ কৰি বৰ্ধিত বৈষম্যৰ সমস্যাটোৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে, ভাৰতীয় কমিউনিষ্ট পাৰ্টী -চি পি আইৰ সদস্য পি সন্তোষ কুমাৰে বাজেটখন জনবিৰোধী বুলি অভিযোগ উত্থাপন কৰে। ৰাজ্যসমূহে প্ৰাপ্য ধন লাভ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ বাজেটখনক লৈ প্ৰশ্ন উত্থাপন কৰে। কৃষি খণ্ডৰ বাবে আবণ্টিত ধন ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন কৰি চি পি আই নেতাগৰাকীয়ে এখন নিষ্ঠাবান কৃষকৰ বাজেট প্ৰৱৰ্তনৰ দাবী জনায় । লগতে কৃষকৰ উৎপাদিত সামগ্রী ন্যূনতম সমৰ্থন মূল্যৰ বিষয়ত কেন্দ্ৰক প্ৰশ্ন কৰে। আনহাতে, আৰ জে ডিৰ নেতা এ ডি সিঙে দেশৰ নিবনুৱা সমস্যাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে এইবাৰৰ সাধাৰণ বাজেটত কৃষি খণ্ডই উপযুক্ত গুৰুত্ব লাভ কৰা নাই। ইপিনে, বিজেপি নেতা গোলাম আলীয়ে দৃঢ়তাৰে কয় যে ভাৰত বৰ্তমান চৰকাৰৰ কাৰ্যকালত অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত পঞ্চম স্থানত দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে ২০১৪ চনৰ আগেয়ে দেশত দুৰ্নীতি আৰু সন্ত্ৰাসবাদ অনিয়ন্ত্ৰিত আছিল। কিন্তু বৰ্তমান চৰকাৰৰ দিনত এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ হৈছে বুলিও তেওঁ উল্লেখ কৰে।
Assamese | July 26, 2024 7:58 PM | Rajya Sabha
ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ