■ অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকাশ কৰি কয় যে, দুয়োগৰাকী প্রার্থীয়ে দলীয় সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্রুতিবদ্ধ।
ইফালে, কৰিমগঞ্জ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন বিধায়ক তথা অসম পৰিবহন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ সাংসদ পদৰ প্ৰাৰ্থী মনোনীত হোৱাৰ বাবে কৰিমগঞ্জ জিলা বিজেপিয়ে কেন্দ্রীয় সমিতি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক ধন্যবাদ আৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
Assamese | August 21, 2024 11:55 AM | Akashvani Guwahati | Assam | Political | Rajya Sabha
অসমৰ ৰাজ্যসভাৰ ২ খন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক প্রার্থিত্ব বিজেপিৰ