বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্রী সিঙে কয়, যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু কৰা হৈছে আৰু এতিয়ালৈকে ৭০ জন লোকক আটক কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে সংখ্যালঘুকে ধৰি সকলো ধৰণৰ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব সেই দেশৰ চৰকাৰে উপযুক্তভাৱে পালন কৰিব বুলি ভাৰত আশাবাদী। ভাৰতৰ এই স্থিতিৰ বিষয়ে যোৱা ৯ ডিচেম্বৰত ঢাকা ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রীয়ে বাংলাদেশ চৰকাৰক জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।
Assamese | December 19, 2024 8:39 PM | Bangladesh | kirti vardhan singh | Rajya Sabha
বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে